নলবাৰীত চিআৰপিএফে বিদ্যালয়ত বিতৰণ কৰিলে খেলৰ সামগ্ৰী

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

নলবাৰীত চিআৰপিএফৰ প্ৰশংসনীয় কাৰ্য্য। জিলাখনৰ দক্ষিণ নলবাৰী হাইস্কুলত বিতৰণ কৰিলে খেলৰ সামগ্ৰী। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত থকা বিশুদ্ধ খোৱাপানীৰ সমস্যা দূৰ কৰাৰ স্বাৰ্থত ১৩৬ বেটেলিয়ন চিআৰপিএফ,নলবাৰীৰ এই পদক্ষেপ। কমাণ্ডেন্ট পি চি চৌহানৰ নেতৃত্বত বৃহস্পতিবাৰে বৰ আজৰাৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত এটা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে বিতৰণ কৰা হয় খেলৰ সামগ্ৰীসমূহ। অঞ্চলটোৰ কেইবাখনো হাইস্কুলকে ধৰি দহখন বিদ্যালয়ৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হাতত বিতৰণ কৰা হয় খেলৰ সামগ্ৰীসমূহ।ক্ৰীড়াৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে সামগ্ৰীসমূহ বিতৰণ কৰা হয় বুলি মন্তব্য কৰে।

Your Comments