ঘগ্ৰাপাৰত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সজাগতা সভা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগনত বৃহস্পতিবাৰে অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। বিশিষ্ট সাংস্কৃতিক কৰ্মী ফণীধৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰাহক সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গ্ৰামীণ বিকাশ বেংকৰ ঘগ্ৰাপাৰ শাখাৰ পৰিচালক ৰতন দেৱে।বেংকৰ প্ৰায় পঞ্চাশটাৰো অধিক আত্মসহায়ক গোটৰ সভাপতি/ সম্পাদিকা তথা সদস্যাসকলক বেংকৰ ঋণ আৰু পৰিশোধ কৰাৰ বিভিন্ন উপায় তথা ডিজিটেল ৰূপত বেংকৰ সুবিধা লাভ আৰু অসুবিধাসমূহৰ সন্দৰ্ভত তেওঁ ব্যাখ্যা আগবঢ়ায়। আনহাতে, বিশেষকৈ এটিএম আৰু মোবাইল ফোনৰ সুবিধাসমূহৰ সন্দৰ্ভত বিতংভাৱে বক্তব্য প্ৰদান কৰে অসম গ্ৰামীণ বিকাশ বেংক ঘগ্ৰাপাৰ শাখাৰ পৰিচালক ৰতন দেৱে। সজাগতা সভাত অতিথি হিচাপে উপস্থিত থকা অৱসৰী শিক্ষাবিদ প্ৰভাত শৰ্মা আৰু সাংবাদিক বীৰেন কলিতাই কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল ইণ্ডিয়া বিষয়ত বিতংভাৱে আলোকপাত কৰে।প্ৰভাত শৰ্মাই কয়-'বেংকৰ পৰা ঋণ লৈ বহুতো আত্মসহায়ক গোট আগবাঢ়ি গৈছে। বহুতে বেংকৰ পৰা ঋণ লৈ বিভিন্ন ধৰণৰ ব্যৱসায় কৰি লাভাম্বিত হৈছে আৰু বহুতে বেংকৰ ঋণ লৈ পৰিশোধ কৰিব নোৱাৰি সমস্যাত পৰিছে।' অসম গ্ৰামীণ বিকাশ বেংক ৰাইজৰ কল্যাণ আৰু পৰিয়ালৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে আগ্ৰহী বুলিও মতপোষন কৰে অৱসৰী শিক্ষকগৰাকীয়ে। শাখা পৰিচালক ৰতন দেৱে বেংকৰ APY, PMJJBY, PMSBY আদি আঁচনি সন্দৰ্ভত আলোকপাত কৰি বেংকৰ ঋণ বিষয়ক যিকোনো কথা-বাৰ্তা পোনে -পোনে শাখা পৰিচালকৰ লগত আলোচনা কৰাৰ পৰামৰ্শ আগবঢ়ায়। কোনো তৃতীয় পক্ষৰ কাষ নাচাপিবলৈ পৰিচালক দেৱে গ্ৰাহকসকলক সজাগ কৰি দিয়ে।

Your Comments