ডিংডিঙি জ্যোতি সংঘৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ বৰভাগৰ ডিংডিঙি জ্যোতি সংঘৰ বাৰ্ষিক অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে যোৱা ১৮,১৯ জানুৱাৰীত  অনুষ্ঠিত হৈ যায়।অধিৱেশনৰ প্ৰথম দিনা বিভিন্ন খেল-ধেমালি, সুকুমাৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ দ্বিতীয় দিনা বিয়লি সমাজকৰ্মী দিলীপ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা, মুকলি আৰু বঁটা বিতৰণী সভাত ডঃ পৰেশ চন্দ্ৰ শৰ্মা,শিল্পী পৰেশ চন্দ্ৰ শৰ্মা আৰু কৃতী শিক্ষক জগবন্ধু শৰ্মা,অজিত কুমাৰ শৰ্মাই বক্তব্য আগবঢ়োৱাৰ লগতে বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়।আনহাতে, নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত ওলা ক্ৰেজী কৌতুক গোষ্ঠী,কণমানি তাপসী শৰ্মা,গাৰ্গী বশিষ্ঠ,সাগৰিকা শৰ্মা, জোন চৌধুৰীৰ সুৰৰ মূৰ্ছনাই অনুষ্ঠানটো জীপাল কৰি তোলে। 

Your Comments