পহিলা মাঘৰ দিনা বিভিন্ন জাতি -জনগোষ্ঠীৰ নৃত্য-গীতত মুখৰিত হ'ল ঐতিহাসিক ৰংঘৰৰ বাকৰি

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

ৰংপুৰৰ বুকু শুৱনি কৰি থকা শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত পহিলা মাঘৰ দিনা অনুষ্ঠিত হয় ৰংপুৰ মেলা। টাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতি আৰু ৰাইজৰ উদ্যোগত ঐতিহাসিক ৰংঘৰৰ বাকৰিত দশম 'ৰংপুৰ মেলাা' অনুষ্ঠিত হয়।পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছত ৰংপুৰ মেলা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে পৰিষদৰ  শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে।তামুলীয়ে ভাষণ প্ৰসংগত প্ৰাচীন ৰংপুৰৰ ঐতিহ্য,সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ বাবে বিগত ১০ বছৰ ধৰি ৰংপুৰ মেলাৰ আয়োজন কৰি অহা হৈছে বুলি উল্লেখ কৰে।লগতে তেওঁ জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইন বাতিল কৰাৰ দাবী ৰংঘৰ বাকৰিৰ পৰা উত্থাপন কৰি আগন্তুক নিৰ্বাচনত শাসকীয় বি জে পিক উচিত প্ৰত্যুত্তৰ দিবলৈ ৰাইজক আহ্বান জনায়।এই মেলাক কেন্দ্ৰ কৰি আজি ৰংঘৰ বাকৰিত লোকে লোকাৰণ্য হৈ পৰে।

ৰংপুৰ মেলা উপলক্ষে শিৱসাগৰৰ ৰংঘৰ বাকৰিত প্ৰৰ্দশন কৰা জনগোষ্ঠীয় নৃত্য-গীতসমূহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।  জনগোষ্ঠীয় নৃত্য সমুহৰ ভিতৰত তিৱা, গাৰো, বড়ো, মিচিং আৰু তাই আহোম জনগোষ্ঠীয়  নৃত্য প্ৰদৰ্শন কৰা হয়।

Pic

উল্লেখ্য যে সুদূৰ গাৰো পাহাৰৰ পৰা উঠি অহা ,চেপনৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগৰ শলগুৰিত থকা পশ্চিম গাৰো বস্তি গাঁৱত বসতি কৰি থকা গাৰো লোকসকলে গাৰো নৃত্য প্ৰদৰ্শন কৰে।ইয়াৰ পিছতে ৰংঘৰ চৌহদত অধুনালুপ্ত তথা পৰম্পৰাগত টেকেলী ভঙা, ৰচী টনা, পিচল খুটাত বগোৱা আদি খেল-ধেমালি অনুষ্ঠিত হয়।

আনহাতে,ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি ড০ জীৱন কলিতা আৰু মনোজ কুমাৰ গগৈৰ যুটীয়া সম্পাদনাত প্ৰকাশ কৰি উলিওৱা 'চে-মুন' নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে বুৰঞ্জীবিদ তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দিলীপ বুঢ়াগোহাঁইয়ে।

Pic

উল্লেখ্য যে আহোম যুগৰে পৰা ৰংঘৰৰ বাকৰিত ভোগালী বিহুৰ দিনা আহোম ৰজাই বিভিন্ন খেল-ধেমালি, মহ যুঁজ, মল্লযুদ্ধ, কুকুৰা যুঁজ আদিৰ লগতে জনগোষ্ঠীয় নৃত্য উপভোগ কৰিছিল। ৰংঘৰৰ বাকৰিত অতিজৰে পৰা চলি অহা এই পৰম্পৰা এতিয়াও অক্ষুন্ন ৰাখি থকা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । সন্ধিয়ালৈ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিৱেশনেৰে অনুষ্ঠান জীপাল কৰি তোলে।

আনহাতে, দিচাংমুখৰ জেইলগাঁৱৰ  মাজৰবাৰীত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত মহ যুঁজ। জেইল গাঁৱৰ ৰাইজৰ  উদ্যোগত আজি পহিলা মাঘৰ দিনা এই মহ যুঁজ অনুষ্ঠিত হয়।

Your Comments