জামুগুৰিহাটৰ নাট্যৰত্ন ভোলা কটকীলৈ জীৱনজোৰা সাধনা বঁটা 

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:

অহা ২০ জানুৱাৰী তাৰিখে  শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰবীণ নাট্যশিল্পী, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক আৰু ভ্ৰাম্যমাণ জগতৰ এগৰাকী পিতামহস্বৰূপ, অসমৰ অভিনয় জগতৰ ধ্বজাবাহক হিচাপে পৰিচিত ভোলা কটকীৰ ৮৬ সংখ্যক জন্ম  দিৱস উদযাপন কৰাৰ লগতে আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান 'প্ৰজন্ম উন্মেষ'ৰ তৰফৰ পৰা নাট্যৰত্ন ভোলা কটকীক ২০২০ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।প্ৰজন্ম উন্মেষৰ আয়োজক কমিটী, মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠী, মিলিজুলি সংঘৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট  অভিনেতা পৃথ্বিৰাজ ৰাভা।তদুপৰি,বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ক্ৰমে দিহা নাম, সঙ্গীত পৰিৱেশন, কবিতা আবৃত্তি, বিহু নৃত্য, অভিনয় প্ৰদৰ্শন, সত্ৰীয়া শৈলীৰ নাট প্ৰদৰ্শন, হাজং নৃত্য, মহাৰাস প্ৰদৰ্শন অনুষ্ঠানৰ কাৰ্যসূচীত      অন্তৰ্ভুক্ত কৰা হৈছে। উক্ত অনুষ্ঠানত ৰাইজৰ উপস্থিতি  উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে ।

Your Comments