পুত্ৰক আলফা স্বাধীনৰ পৰা ওলাই আহিবলৈ সোণাৰিত পিতৃ-মাতৃৰ কৰুণ আহ্বান

Pic

সোণাৰিৰ পৰা ঘন বৰা:

আলফা সদস্য অৰুণাভ গগৈক নিষিদ্ধ ঘোষিত আলফাৰ পৰা ওলাই আহিবলৈ সোণাৰিত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ কৰুণ আহ্বান। পিতৃ কুমুদ গগৈ আৰু মাতৃ ৰিমঝিম গগৈৰ লগতে ককাক-আইতাক আৰু পৰিয়ালৰ লোকে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি কান্দি কান্দি বৰপুত্ৰ অৰুণাভক আলফা ত্যাগ কৰিবলৈ জনালে কৰুণ আহ্বান।

Pic

উল্লেখযোগ্য যে মেধাৱী ছাত্ৰ তথা বৰহাট হালোৱাৰ যুৱক অৰুণাভে  ২০১৮ৰ ২৯ ডিচেম্বৰত আলফা স্বাধীনত যোগদান কৰিছিল।

 

Your Comments