মৰিগাঁৱত 'কেব'ৰ বিৰোধ কৰি আজি হাজাৰ হাজাৰ লোক ওলাই আহি ৰণ ধ্বনি দিলে ৰাজপথত

Pic

মৰিগাঁৱৰ প্ৰতিবেদক: জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে আজি হাজাৰ হাজাৰ লোক স্বত্বস্ফুট ভাবে ওলাই আহিল ৰাজপথলৈ। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত,সম্পাদক দিপুল কুমাৰ নাথৰ নেতৃত্বত পুৱা ভাগত মৰিগাঁও ছাত্ৰ সমাজ বিভিন্ন দল সংগঠন আৰু সাধাৰণ নাগৰিকৰ সহযোগত পথ সভা অনুষ্ঠিত কৰাৰ পিছত সন্ধিয়া হাজাৰ হাজাৰ লোক ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰণ ধ্বনি বজাই মৰিগাঁও নগৰৰ ৰাজপথত। মৰিগাঁও গান্ধীভৱনত হাজাৰ হাজাৰ লোক সমবেত হৈ নগৰ খনৰ মূল পথেৰে পৰিভ্ৰমণ কৰি মৰিগাঁও নগৰৰ ২ নং পুলিচ পইন্টৰ কাষতে পথ অৱৰোধ কাৰ্যসূচীয়ে অনুষ্ঠিত কৰে প্ৰতিবাদী সভা। নৰেন্দ্ৰ মোদী হুছিয়া,অমিত শ্বাহ হুছিয়া,জাতিক বিক্ৰী কৰা অগপ, বিজেপি হুছিয়া,খলনায়ক হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল হুছিয়া আদি ধ্বনিয়ে সমগ্ৰ মৰিগাঁও নগৰৰে পৰিবেশ উত্তপ্ত কৰি তুলে। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ,অগপ,জিলা কংগ্ৰেছ,সাহিত্য সভা,সাংবাদিক সংস্থা,মানৱ অধিকাৰ সংগ্ৰাম সমিতি,বাঙালী সমাজ,মাৰোৱাৰী যুৱ মঞ্চ,গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ,ব্যৱসায়ী সন্থা,সন্মিলনত নাৰী মঞ্চ,এ আই এ এফ, নাথ যোগী ছাত্ৰ সন্থা,কলিতা জনগোষ্ঠী,প্ৰাক্তন আলফা,শ্বহীদ পৰিয়াল,আলফা শ্বহীদ পৰিয়াল সমন্বয় ৰক্ষী সমিতিকে ধৰি মৰিগাঁৱৰ নাগৰিক সমাজ ঐক্যবদ্ধ ভাবে ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে জাতিক প্ৰতাৰণা কৰা অসমৰ ১২ জন সাংসদৰ প্ৰতিকৃতি গছত ফাচি দি প্ৰতিবাদ সাব্যস্ত কৰে যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে। এই কাৰ্যসূচী নেতৃত্ব দিয়ে সভাপতি ললিত চন্দ্ৰ পাচনি,উপদেষ্টা মিন্টু নাথ,দ্বীপজ্যোতি বৈশ্য আদিয়ে।### জিতুমনি নাথ /মৰিগাঁও

Your Comments